বৰপেটা : বৰপেটাত ভয়ংকৰ পথ দুর্ঘটনা। ছুইফট ডিজায়াৰ খুন্দাত নিহত এগৰাকী যুৱতী। স্কুটীৰে বৰপেটাৰ পৰা ঘৰলৈ গৈ থকা যুৱতী গৰাকীক খুন্দা মাৰে তীব্ৰ বেগী ছুইফট ডিজায়াৰ বাহন এখনে। নিহত যুৱতী গৰাকী নাৰ্চিংৰ ছাত্ৰী আছিল।

বৰপেটা জিলাৰ বাৰাদিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এগৰাকী যুৱতী। স্কুটী আৰোহী যুৱতী গৰাকীক ছুইফট ডিজায়াৰ বাহন এখনে তীব্ৰ বেগত খুন্দা মৰাত নিহত হয় যুৱতী গৰাকী। নিহত যুৱতী গৰাকী বৰপেটাৰ সমীপৰ পালহাজীৰ দামালঝাৰ গাঁৱৰ চুফিয়া পাৰবিন বুলি জানিব পৰা গৈছে ৷

সোমবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। মুকাদ্দেচ আলীৰ ২৪ বছৰীয়া কন্যা চুফিয়া পাৰবিন গুৱাহাটীৰ আৰ জি নাৰ্চিংহোমত নাৰ্চিং প্ৰশিক্ষণ লৈ আছিল৷ চুফিয়া পাৰবিন স্কুটীৰে বৰপেটাৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে এ এছ-০১-ইএইচ-৯৯৩০ নম্বৰৰ ছুইফট ডিজায়াৰ বাহন এখনে তীব্ৰ জোৰে খুন্দা মাৰে স্কুটীখনত।

ছুইফট ডিজায়াৰ খুন্দাত পথৰ ওপৰতে স্কুটীলৈ বাগৰি পৰে চুফিয়া পাৰবিন নামৰ যুৱতী গৰাকী। স্থানীয় কোনো লোকে যুৱতী গৰাকীক গুৰুত্বৰভাৱে আহত অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসালয়ত যুৱতী গৰাকীৰ মৃত্যু হয়। ইফালে দুর্ঘটনা সংঘটিত কৰা ছুইফট ডিজায়াৰ বাহনখন পলায়ন কৰে।