আজিজ আলী

নালবাৰী : ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক দল নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰা নাই। ভাৰতীয় জনতা পাৰ্টিয়ে মন্তব্য কৰিছে কেৱল বাংলাদেশী মুছলমানৰ বিপক্ষেহে। ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক দল বুলি বিৰোধীয়ে মানুহৰ মাজত অপপ্ৰচাৰ চলাইছে, এই মন্তব্য নালবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদৰ।

মাংলবাৰে নলবাৰী জিলাৰ পশ্চিম নলবাৰী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদ, পশ্চিম নলবাৰী সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুল হক আৰু সাধাৰণ সম্পাদক মতিউৰ ৰহমান, সংখ্যালঘু মৰ্চাৰ পশ্চিম নলবাৰী মণ্ডলৰ প্ৰাক্তন সভাপতি চিৰাজ আলী আৰু সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাসকল।

কংগ্ৰেছৰ শাসনকালতকৈ ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত সংখ্যালঘু মুছলমানৰ উন্নয়ন বেছি হৈছে বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি চবিৰ আহমেদে। বিৰোধী দলসমূহে সংখ্যালঘু মুছলমানক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ভীতিগ্ৰস্থ কৰি ৰাখিছে বুলিও মত প্ৰকাশ কৰি চবিৰ আহমেদে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ দিনতহে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত উন্নয়ণ সম্ভৱ হৈছে।

ভাৰতীয় জনতা পাৰ্টি দলটো যে কেৱল বাংলাদেশী মুছলমানৰহে বিৰোধী, খিলঞ্জীয়া বা ভাৰতীয় মুছলমানৰ বিৰোধী নহয় বুলিও মন্তব্য কৰি কয় চবিৰ আহমেদে যে কংগ্ৰেছৰ শাসনকালত সংখ্যালঘু মুছলমানসকল কেৱল ভোটবেংক হিচাবেহে ব্যৱহৃত হৈ আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত হিন্দুসকলৰ সমানেই মুছলমানসকলৰো উন্নয়ণ হৈছে বুলিও মত প্ৰকাশ কৰে জিলা সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে।