মানকাচৰ : মানকাচৰৰ সুখচৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনা। পত্নীৰ ডিঙি ৰেপি হত্যা কৰাৰ পিছত স্বামীয়ে আত্মহত্যা কৰিলে। সন্তান নোহোৱাৰ বাবে পৰিয়াল কেন্দ্ৰীক সংঘাতৰ ফলতে এই স্বামীয়ে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ভূতিয়াডাঙ্গাত গাঁৱত বুধবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এহাল দম্পত্তীৰ মৃতদেহ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ভূতিয়াডাঙ্গা গাঁৱৰ অৰুণ কুমাৰ শিল নামৰ ব্যৱসায়ী এজনৰ লগতে তেওঁৰ পত্নী ববিতা শিলৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে। নিশা দম্পত্তী হালৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। প্ৰায় ১০ বছৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হৈছে যদিও দম্পত্তী হালৰ কোনো সন্তান নাছিল।

সন্তান নোহোৱাক লৈ প্ৰায়ে দুয়োৰ মাজত পৰিয়াল কেন্দ্ৰিক সংঘাত চলি আছিল। মংগলবাৰে নিশাও দুয়োৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটাত স্বামী অৰুণ কুমাৰ শিলে পত্নীক ডিঙি ৰেপি হত্যা কৰে। হত্যাৰ পিছত অৰুণ কুমাৰ শিলে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যাৰ পূৰ্বে অৰুণ কুমাৰ শিলে আত্মহত্যা কৰি থকাৰ এটা ভিডিঅ’ পত্নীৰ ভাতৃলৈ প্ৰেৰণ কৰিছিল।

পুৱা ১০ বজালৈ দুয়ো ঘৰৰ পৰা ওলাই অহা নাছিল। ইফালে অৰুণ কুমাৰ শিলে পত্নীৰ ভাতৃলৈ প্ৰেৰণ কৰা আত্মহত্যাৰ ভিডিঅ’ সন্দৰ্ভত পত্নীৰ ভাতৃয়ে সুখচৰ থানাত অৱগত কৰে। থানাৰ কাষতে থকা ঘৰখনত আৰক্ষী উপস্থিত হৈ দৰ্জা ভাঙি দুটাকৈ মৃতদেহ উদ্ধাৰ কৰে। পত্নী ববিতা শিলক হত্যা কৰি বিছনাতে পেলাই ৰাখিছিল স্বামীয়ে।