বিশ্বনাথ : ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত কোকিলকণ্ঠী লতা মংগেশকাৰৰ মৃত্যুত শোকসভাৰ অনুষ্ঠিত কৰি গভীৰ শোক প্ৰকাশ কৰা হয়। প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা আৰু উপাধ্যক্ষ ৰমানন্দ বৰাই।

ইয়াৰ পিছত অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰয়াত কোকিলকণ্ঠী লতা মংগেশকাৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদক কুশল শৰ্মাই আতঁ ধৰা অনুষ্ঠানটোত অধ্যক্ষ ড° চিন্তামণি শৰ্মা, আভন্তৰীণ গুণ নিৰূপন কোষৰ সমন্বয়ক ড° নিপম শইকীয়া, অধ্যাপক ভৱেন কলিতা, অধ্যাপিকা লীনা হাজৰিকাই নিজৰ বক্তব্য প্ৰদান কৰে।

অনাশিক্ষক কৰ্মচাৰীৰ চিত্ৰৰঞ্জন কাকতি আৰু ছাত্ৰ সংসদৰ হৈ কুশল শৰ্মাই লতা মংগেশকাৰৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শেষত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোৰ সমাপ্তি ঘোষণা কৰা হয়।