কলিয়াবৰ, সংবাদ ৩৬৫, ৭ জুলাই : কংগ্ৰেছৰ দূৰ্গ স্বৰূপ ৰূপহীহাট আৰু চামগুৰিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে কেইবাজনো পঞ্চায়ত প্ৰতিনিধি সহ ৫সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত গেৰুৱা বসন পৰিধান কৰিলে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই।

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা সমষ্টিক সামৰি বিজেপিৰ কলিয়াবৰ জিলা সমিতিয়ে আহ্বান জনোৱা যোগদান সমাৰোহত আজি আনুষ্ঠানিক ভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৫সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে।

বিজেপিৰ কলিয়াবৰ জিলাৰ উদ্যোগত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে কয় যে অহা বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোটে ৯০খন আসন লাভ কৰিব আৰু চামগুৰি-ৰূপহী কংগ্ৰেছ মুক্ত হ’ব। আনহাতে নতুন কৰ্মীক বিজেপিত যোগদানত বাধা দিয়া হ’ব বুলি ৰাজেন গোঁহাইয়ে কৰা মন্তব্যক অগ্ৰাহ্য কৰে বিজেপিৰ সভাপতি গৰাকীয়ে। বিজেপিৰ সভাপতি গৰাকীৰ মতে সেয়া তেঁওৰ ব্যক্তিগত মন্তব্য, দলীয় মন্তব্য নহয়।