নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ জুলাই : অৱশেষত মৃত্যু হ’ল পুলকেশ চহৰীয়াৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাণ হেৰুৱালে লোকজনে।

ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুলশীপাৰত মানৱ সমাজক আচম্বিত কৰা এক ঘটনা সংঘটিত হৈছিল। অন্ধবিশ্বাসৰ বলি হৈ একেটা পৰিয়ালৰ সকলো সদস্যই উলংগ হৈ এটি শিশু বলি দিয়াৰ অৰ্থে পূজা কৰিছিল।

পেছাত বিজ্ঞান বিষয়ৰ শিক্ষক যাদৱ চহৰীয়া নামৰ ব্যক্তি গৰাকীৰ লগতে পৰিয়ালৰ লোকসকলে সংঘটিত কৰিছিল এই ঘটনা। শিক্ষক যাদৱ চহৰীয়াৰ পুত্ৰ আছিল দেওবাৰে মৃত্যু হোৱা পুলকেশ চহৰীয়া।

উল্লেখযোগ্য যে যাদৱ চহৰীয়াৰ এগৰাকী কন্যাই কিছুবছৰ পূৰ্বে নিজ ঘৰতে আত্মহত্যা কৰিছিল। যাৰ বাবে ৰমেশ চহৰীয়া নামৰ এগৰাকী তান্ত্ৰিকে নিজ ঘৰত উলংগ হৈ পূজা কৰি এটা শিশুৰ বলিৰ বিধান দিছিল। সেয়ে শনিবাৰে শিক্ষক যাদৱ চহৰীয়াৰ ঘৰত আয়োজন কৰিছিল এক পূজাৰ। পূজাৰ নিয়ম অনুসৰি পুৰুষ মহিলা সকলোৱে উলংগ হৈ ঘৰৰ ভিতৰতে কৰিছিল আৰাধনা।

পৰিস্থিতিয়ে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যে, অন্ধবিশ্বাসে গ্ৰাস কৰা পৰিয়ালটিয়ে উলংগ হৈ নিজৰে বাসগৃহত অগ্নি সংযোগ কৰাৰ ওপৰিও ব্যক্তিগত যান-বাহন, আজবাব আদি লণ্ড-ভণ্ড কৰিছিল। ৰাইজক জধে মধে শিল গুটি নিক্ষেপ কৰাৰ ওপৰিও দা, কুঠাৰ আদি লৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল পৰিয়ালটোৰ লোকসকল। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলী চালনা কৰিব লগাত পৰিছিল। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল ৩জন।