বাক্সা, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা বিস্ফোৰণত শ্বহীদ হোৱা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ অসমৰ তামুলপুৰ কলবাৰীৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰীৰ সম্পূৰ্ণ এঘাৰ দিনৰ অন্তত দেওবাৰে বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে দশকৰ্ম অৰ্থাৎ দহা সামাজিকভাৱে অনুষ্ঠিত কৰাৰ লগতে শ্বহীদগৰাকীৰ প্ৰতিচ্ছৱিত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে পৰিয়ালৰ লোকে।

আনহাতে, শ্বহীদগৰাকীৰ একমাত্ৰ পুত্ৰ ধনঞ্জয় বসুমতাৰীয়ে পিতৃৰ সমস্ত কৰ্মৰ লগতে দহ দিনৰ অন্তত মূৰৰ চুলি খুৰুৱাই শ্বহীদ পিতৃলৈ সন্মান জ্ঞাপন কৰে।

ইয়াৰ পাছতে বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে মৃতকলৈ জলপিণ্ড আগবঢ়াই শুদ্ধিকৰণ কাৰ্য সমাপন কৰে। এক শোকাকুল পৰিবেশত এই দশ কৰ্মটি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে স্থানীয় ৰাইজ তথা জ্ঞাতি কুতুম্ব আহি উপস্থিত হয় শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত।

অন্যহাতে, অহা তিনি মাৰ্চ তাৰিখে হবলগীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধত বীৰ ছহিদ গৰাকীৰ মৃত্যুত সমভাগি হোৱা ৰাজনৈতিক -অৰাজনৈতিক, দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান তথা চৰকাৰী পক্ষক আদ্যশ্ৰাদ্ধত উপস্থিত থাকিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

ইফালে দেওবাৰৰ দিনটোতেই অৰ্থাৎ দহা কৰ্মতে অসম সাহিত্য সভাৰ সভাপতি পৰামন্দ ৰাজবংশী শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰন কৰে।