আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান। শিৱসাগৰ আৰক্ষীৰ অভিযানত জালত পৰিল ডিমৌৰ চাৰি চোৰাং গৰু ব্যৱসায়ী। এই চাৰি চোৰাং গৰু ব্যৱসায়ীৰ ভিতৰত আছে থাওৰা সমষ্টিৰ বিজেপি নেতা ছত্ৰধৰ গগৈ। আন তিনিজন ক্ৰমে দাদুল আলী, কলীয়া আলী আৰু জাবেদ আলি।

অসমৰ চৰকাৰৰ গো সুৰক্ষা আইনক সম্পূৰ্ণ নস্যাৎ কৰি বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে গৰু সৰবৰাহৰ কৰাৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে। বিগত সয়মত ৰাজ্যত আৰক্ষীয়ে গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কিমান সফল হ’ব পাৰিছে সেইটো এতিয়াও সন্দেহৰ আৱৰ্তত। সম্প্ৰতি উজনি অসমত প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ আশীৰ্বাদতেই চলিছে নেকি গৰুৰ ছিণ্ডিকেট?

গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা চাৰিজন চোৰাং গৰু ব্যৱসায়ীৰ ভিতৰত এজন শাসকীয় বিজেপি দলৰ নেতা। শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নেতৃত্বত চলিছিল এই অভিযান। শিৱসাগৰ আৰক্ষীয়ে গৰুৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিজেপি নেতাজন হৈছে ছত্রধৰ গগৈ।

বিগত বিধানসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগ কৰিছিল অভিযুক্ত ছত্ৰধৰ গগৈয়ে। শিৱসাগৰৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড়, লক্ষীমপুৰৰ গৰু ছিণ্ডিকেটৰ মূল নায়ক ছত্ৰধৰ গগৈ বুলি জানিব পৰা গৈছে। শাসকীয় দলৰ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত দপদপাই থকা ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰা ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উজনি অসমৰ পৰা কন্টেইনাৰত গৰুৰ চোৰাং সৰবৰাহৰ নেতৃত্ব ছত্ৰধৰ গগৈয়ে বহন কৰিছিল বুলিও আৰক্ষীৰ তদন্ত পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। এতিয়া বিজেপিৰ থাওৰা পানীদিহিং অ’বিচি মৰ্চাৰ সম্পাদক ধৃত গৰু ছিণ্ডিকেটৰ মূল অভিযুক্ত ছত্ৰধৰ গগৈৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।