গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ২ হাজাৰ ২৭৭ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১৩ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৬ হাজাৰ ১১৮ জন। শনিবাৰৰ তুলনাত দেওবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ১২.৫৭ শতাংশ। দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ ১৮ হাজাৰ ১১৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২ হাজাৰ ২৭৭ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১৩ জন ক’ভিড আক্রান্ত লোক।

দেওবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৬ হাজাৰ ১১৮ জন। দেওবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৭৭১ জন লোক কামৰূপ মহানগৰ জিলাত দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত আক্রান্ত হৈছে ১৫০ জন লোক।

ইয়াৰ পৰিবৰ্তে যোৰহাটৰ জিলাত ১১১ জন আৰু মৰিগাঁও জিলাত ৮৪ জন লোক আক্রান্ত হৈছে। দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত মৃত্যু হোৱা ১৩ জনৰ ভিতৰত ৩ জনকৈ লোক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। ২ জনকৈ লোকৰ মৃত্যু হৈছে যোৰহাট জিলা আৰু কামৰূপ মহানগৰ জিলাত। ইয়াৰ পৰিবৰ্তে
কৰিমগঞ্জ, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাত ১ জনকৈ লোকৰ মৃত্যু হৈছে।