ৰঙিয়া : এক চাঞ্চল্যকৰ ঘটনা। কেম্পৰ ভিতৰত উদ্ধাৰ তিনিজনকৈ যুৱকৰ মৃতদেহ। গুৰুত্বৰভাৱে অসুস্থ আন এজন যুৱকক ভৰ্তি চিকিৎসালয়ত। আৰক্ষীয়ে যুৱক তিনিজনকৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰঙিয়াৰ তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু হৈছে বাইহাটা চাৰিআলিত। বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক।

নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে এজন যুৱকক অসুস্থ অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।যুৱক তিনিজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ৰঙিয়া আৰক্ষীৰ সহযোগত বাইহাটা আৰক্ষীয়ে যুৱক তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃত যুৱককেইজনক ৰঙিয়া তেৰেকুছিৰ বাবুল আলী, নিতেনি গাঁৱৰ মজাফৰ হুছেইন আৰু ধূহিৰ ৰাতুল আলী বুলি চিনাক্ত কৰা হৈছে।

গুৰুত্বৰভাৱে অসুস্থ অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ থকা যুৱকজনৰ নাম চফিকুল আলী।এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াকে ধৰি বাইহাইটা অঞ্চলত। কি পৰিস্থিতিত নিশা  যুৱক তিনিজনৰ মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।