ৰঙিয়া : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো চলিল আৰক্ষীৰ দালাল বিৰোধী অভিযান। ৰঙিয়াত মুঠ ৬ জনকৈ মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা ৬ জন মাটিৰ দালালৰ ভিতৰত আছে বিজেপিৰ নেতাও।

ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ চলোৱা কমলপুৰ বিজেপিৰ নেতাসহ ৬ জনকৈ দালাল ৰঙিয়া আৰক্ষীৰ জালত। ধৃত ৬ জন দালাল হৈছে বিজেপিৰ কমলপুৰ ব্লকৰ উপ-সভাপতি ৰমেশ শইকীয়া, পুঠিমাৰীৰ ৰিজু আহমেদ, কমলপুৰৰ দেৰাজ শইকীয়া, কমলপুৰৰ মইনুল হক, ৰঙিয়াৰ উদিয়ানাৰ ইয়াচিন আলী আৰু হবিব আলী।

ৰঙিয়া থানা আৰু কমলপুৰ থানাত অধিক তথ্যৰ বাবে মাটিৰ দালাল কেইজন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দলৰে বহু নেতা-পালিনেতা মাটিৰ দালালিৰ অভিযোগ আৰক্ষীৰ জালত পৰাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হব।