গুৱাহাটী : এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে। সোমবাৰে নিশাৰ ভিতৰতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৪৫৩ জন মাটিৰ দালালক জালত পেলায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সকলো ধৰণৰ দালালি বন্ধ কৰাৰ নিৰ্দেশ দি আৰক্ষীক দালাল সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষী তৎপৰ হৈ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে। সোমবাৰে নিশা আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালালৰ বিৰুদ্ধে অভিযান চলায়।

নিশাৰ ভাগত আৰক্ষীয়ে চলোৱা দালাল বিৰোধী অভিযানত ৰাজ্যজুৰি আৰক্ষীয়ে ৪৫৩ জন মাটিৰ দালালক আটক কৰে।কামৰূপ মহানগৰতে আৰক্ষীয়ে ২২ জনকৈ মাটিৰ দালালক আটক কৰে। কামৰূপ মহানগৰৰ লগতে কামৰূপ গ্ৰাম্য জিলাত আৰক্ষীয়ে ৫২ জন দালালক আটক কৰে।

আৰক্ষীৰ দালাল বিৰোধী অভিযানত ডিব্ৰুগড় জিলাত ১৮ জন, নলবাৰী জিলাত ২০ জন, পাটাছাৰকুছিত ১৮ জন, লখিমপুৰ জিলাত ১৩ জন, বৰপেটা জিলাত ৬ জন, বঙাইগাঁও জিলাত ১৪ জন, যোৰহাট জিলাত ৯ জন, ধুবুৰী।জিলাত ৮ জন, বিশ্বনাথ জিলাত ১৪ জন দালালক আটক কৰে।

কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত ২০ জন, হাইলাকান্দি জিলাত ১২ জন, সৰ্থেবাৰীত ৫ জন, শিৱসাগৰত ৫ জন মাটিৰ দালালক আটক কৰিছে আৰক্ষীয়ে। হোজাই জিলাত ২৬ জনকৈ দালাল আৰক্ষীৰ জালত পৰে। দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ দালাল সকলৰ উপদ্ৰৱ বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰীয়ে দালাল সকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষীক নিৰ্দেশ দিছিল।

ইফালে ৰাজ্যজুৰি চলা আৰক্ষীৰ।এই দালাল বিৰোধী অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰৰ হাতত ৭০০ জন দালালৰ তালিকা আছে। আৰক্ষীয়ে আটক কৰা এই দালাল সকলক ৰাইজৰ সন্মুখলৈ লৈ অহা হৈছে। বেছিকৈ খান্দিলে আৰু বহু মানুহৰ নাম সাঙোৰ খাব। এয়া কেৱল এটা সকীয়নিহে।