অমিনগাঁও : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ। পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু ১ টা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ।

বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়৷
উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী বিজয়ী হৈছে৷ পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷

গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷ আনহাতে পলাশবাৰী পৌৰসভাৰ ৭ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদে ২ টা ৱাৰ্ডত আৰু অসম গণ পৰিষদে ১ টা ৱাৰ্ডত জয়লাভ কৰে৷

উত্তৰ গুৱাহাটীৰ পৌৰসভাৰ বিজয়ী প্ৰাৰ্থী সকল ঝুমা চাকমা, বিজেপি, ১ নং ৱাৰ্ড, বনমালী হাজৰিকা, বিজেপি, ২ নং ৱাৰ্ড নমিতা কাকতি, বিজেপি, ৩ নং ৱাৰ্ড, তিলক দাস, বিজেপি, ৪ নং ৱাৰ্ড, বিকাশ বড়ো, বিজেপি, ৫ নং ৱাৰ্ড, গণেশ বৰুৱা, বিজেপি, ৬ নং ৱাৰ্ড, অমিয়া দাস, বিজেপি, ৭ নং ৱাৰ্ড, মানবী বৰুৱা, বিজেপি, ৮ নং ৱাৰ্ড, অনামিকা ডেকা, বিজেপি, ৯ নং ৱাৰ্ড আৰু গিৰিশ মেধি, বিজেপি, ১০ নং ৱাৰ্ড।

আনহাতে পলাশবাৰী পৌৰসভাৰ বিজয়ী প্ৰাৰ্থী সকল হ’ল উপমা দাস, অগপ, ১ নং ৱাৰ্ড, বুবু দাস, বিজেপি ২ নং ৱাৰ্ড, ঋণা দাস কলিতা, বিজেপি, ৩ নং ৱাৰ্ড, নৱজীত দাস, বিজেপি, ৪ নং ৱাৰ্ড, সুধন্ন চন্দ্ৰ কলিতা, এজেপি, ৫ নং ৱাৰ্ড, কৰবী কলিতা, বিজেপি, ৬ নং ৱাৰ্ড, হিমাংশু কলিতা, বিজেপি, ৭ নং ৱাৰ্ড, মিনু দেৱী কলিতা, বিজেপি, ৮ নং ৱাৰ্ড, ভাস্কৰ কুমাৰ, বিজেপি, ৯ নং ৱাৰ্ড আৰু অৰূপ দাস, এজেপি, ১০ নং ৱাৰ্ড। পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু ১ টা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ।