কলগাছিয়া, ১৯ আগষ্টঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখাৰ এজন গ্ৰাহকৰ একাউণ্টৰ পৰা উইথড্ৰল ফৰ্মেৰে দুৰ্বৃত্তই টকা হৰলুকি কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, কলগাছিয়াৰ গুনিয়ালগুৰি গাঁৱৰ হবিবৰ ৰহমান নামৰ গ্ৰাহকজনৰ ৩১২১১৮১৮৭৪৪ নম্বৰৰ একাউণ্টৰ পৰা যোৱা ৯ আৰু ১০ আগষ্টত ক্ৰমে ২০,০০০ আৰু ৪৫,০০০ টকা উইথড্ৰল ফৰ্ম যোগে  কোনো অজ্ঞাত লোকে উঠাই নিয়ে। হবিবৰ ৰহমানে নিজৰ একাউণ্ট আপডেট কৰাৰ পিছতেই ধন হৰলুকিৰ ঘটনা পোহৰলৈ আহে। এই সম্পৰ্কে ৰহমানে শাখা পৰিচালক নীল কমল শৰ্মাক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ বেংকটোৰ কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ভূক্তভোগী গ্ৰাহকজনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু কালি এটিএমৰ মিনি ষ্টেটমেন্ট উলিওৱাত পুনৰ ৯৪,৫০০ টকা হৰলুকি হোৱাৰ তথ্য পোহৰলৈ আহে। দুদিন পূৰ্বে হবিবৰ ৰহমানৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ অভিযোগ দাখিল কৰাৰ পিছতো পুনৰ ৰহমানৰ একাউন্টৰ পৰা ধন হৰলুকি হোৱা ঘটনাই বিষয়টো অধিক ৰহস্যৰ মাজলৈ নিছে৷ ভূক্তভোগী গ্ৰাহকজনে একাউন্টৰ পৰা ধন হৰলুকি হোৱাৰ আঁৰত বেংকৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছে। আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিলৰ পিছতে কলগাছিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক নীল কমল শৰ্মাই পলায়ন কৰে।