অলি উল্লাহ খান

লাহৰীঘাট

৫ জুলাই

মৰিগাঁও জিলাৰ লাহৰীঘাটত বিজেপি কৰ্মীয়ে অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিংগ কৰাৰ অভিযোগ। জেহিৰুল ইছলাম নামৰ এজন বিজেপি কৰ্মীৰ বিৰুদ্ধে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয়, ভ‍বুকী দেখুৱাই ব্লেক মেইলিংগ কৰি বৃহৎ অংকৰ ধনদাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে সভানেত্ৰী গৰাকীয়ে। স্বামীৰ সৈতে কেমেৰাৰ সন্মুখলৈ আহি বিজেপি কৰ্মীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অগপৰ সভানেত্ৰী গৰাকীৰ।

অগপৰ সভানেত্ৰীয়ে বিজেপি কৰ্মীৰ বিৰুদ্ধে ব্লেক মেইলিংগৰ অভিযোগ উত্থাপন কৰাকলৈ লাহৰীঘাটত শাসকীয় মিত্ৰ দল দুটাৰ মাজত সৃষ্টি হৈছে অস্বস্তিকৰ পৰিৱেশ। লাহৰীঘাটৰ বিজেপি কৰ্মী জেহিৰুল ইছলামে অভিযোগ আনিছিল শাসকীয় মিত্ৰদল অগপৰ পঞ্চায়ত সভানেত্ৰী লিলুফা খাতুনে নগাবন্ধা গাঁও পঞ্চায়তত চৰ্তুদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত কমিচন ৰাজ চলোৱাৰ। জেহিৰুলে ইছলামে এই সন্দৰ্ভত ৰাজহুৱা কৰিছিল সভানেত্ৰী গৰাকীৰ স্বাক্ষৰ থকা এখন নথি।

নথিখনৰ মতে এটা ৬ লাখ টকীয়া চি চি ব্লক ৰাস্তা ৰ্নিমাণৰ কামৰ নামত জেহিৰুল ইছলাম আৰু পঞ্চায়ত সভানেত্ৰী গৰাকীৰ মাজত ১ লাখ ৩০ হাজাৰ টকা কমিচন বন্দবস্ত হৈছিল। বিজেপি কৰ্মী জেহিৰুল ইছলামৰ এনে কাৰ্যক ষড়যন্ত্ৰ আখ্যা দি পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে কয় যে জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে ভয়, ভাবুকী দি ধন দাবী কৰি আহিছে জেহিৰুল ইছলামে পঞ্চায়তৰ দুৰ্নীতি ফাদিল কৰাৰ ভাবুকী দি ২ লাখ টকা দাবী কৰিছিল। দাবী কৰা ধন নিদিয়াত পঞ্চায়ত সভানেত্ৰী কাৰ্যালয়ৰ পেড চুৰ কৰি নিজেই কমিচনৰ চুক্তিখন প্ৰস্তুত কৰিছে বুলিও কয় সভানেত্ৰী গৰাকীয়ে।

এই ঘটনা সন্দৰ্ভত জেহিৰুল ইছলামৰ বিৰুদ্ধে ইতিমধ্যে লাহৰীঘাট থানাত ৪১৪/২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছে। উল্লেখ্য যে পঞ্চায়তত কাম দিয়াৰ বিনিময়ত কমিচন বন্দবস্তিৰ চুক্তিৰ বিষয়টো কিমান গ্ৰহণ যোগ্য। প্ৰকৃত ঘটনা কি, কোন সঁচা কোন মিছা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব।