নেকিব আহমেদ

যোৰহাট

৫ জুলাই

“মোৰ মনত ভেদ -ভাৱ নাই অ আল্লা, মোৰ মনত ভিন্ন পৰ নাই অ আল্লা, হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান মোৰ মনত একেইটি ভাৱ।” আজান ফকীৰৰ এই বিখ্যাত জিকিৰ ফাঁকিৰ প্ৰতিফলন দেখিবলৈ পোৱা গ’ল সাংস্কৃতিক ৰাজধানী যোৰহাটত। যোৰহাটৰ ঐতিয্যমণ্ডিত দুই ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধিৰ মহামিলন দেখিবলৈ পোৱা গ’ল যোৰহাটৰ খাজুৰিগুৰিৰ শকাইমুখীয়া গাঁৱৰ বৰনামঘৰত।

এই ঐতিয্যমণ্ডিত বৰনামঘৰৰ পুনৰ নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পাৰি যোৰহাটৰ ঐতিয্যমণ্ডিত ন-মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ সম্পাদকসহ এটা প্ৰতিনিধি দল উক্ত বৰনামঘৰত উপস্থিত হৈ নামঘৰৰ নিৰ্মাণৰ কাম চোৱা চিতা কৰাৰ লগতে নামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনা কৰি নামঘৰৰ নিৰ্মাণ বাবে ১২,৭০০ টকাৰ চেকযোগে অনুদান আগবঢ়ায়। ইয়াৰ পূৰ্বে উক্ত নামঘৰটোৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া, সম্পাদক অৰুণ শইকীয়া সদস্য হৰিশ শইকীয়াৰ লগতে পৰিচালনা সমিতিৰ কেইবাজনো বিষয়ববীয়াই মছজিদ সমিতিৰ প্ৰতিনিধি দলটোৰ সদস্য সকলক গামোচাৰে সম্বৰ্ধনা জনাই আদৰণি আনে।

ক’ভিড নীতি-নিয়ম অনুসৰি নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আলোচনা সভাখনত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল শইকীয়া, সম্পাদক অৰুণ শইকীয়া আৰু সদস্য হৰিশ শইকীয়াই চমু বক্তব্য প্ৰদান কৰাৰ লগতে ন-মছজিদৰ ডেৰশ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ আলহাজ তৌফিকুল হুছেইন, সম্পাদক তাহমিদুৰ ৰহমানে চমু বক্তব্য আগবঢ়াই। উক্ত অনুষ্ঠানটোত সমাজ কৰ্মী অমৰ বৰুৱা, মছজিদ সমিতিৰ সদস্য জাহিৰ কৰিমকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে, যি সময়ত একাংশ ৰাজনৈতিক নেতাৰ লগতে গোড়ামী ধৰ্মীয় নেতাসকলে নিজৰ লাভালাভৰ বাবে ধৰ্মীয় দোহাই দি সমাজখনক ভাগ ভাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনে সময়তে এনেবোৰ কৰ্মই সমাজখনৰ বাবে আৰ্দশমূলক বাৰ্তা কঢ়িয়াই আনিব বুলি সচেতন মহলে উল্লেখ কৰিছে।