মুজাক্কিৰ আলম
ৰূপহীহাট : আৰক্ষী কঠোৰ হৈছে যদিও ৰাজ্যত নিয়ন্ত্ৰণ হোৱা নাই অপৰাধজনিত ঘটনা। প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈ আছে বিভিন্ন অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, ধর্ষণ, হত্যাৰ দৰে ঘটনাৰ খবৰ প্ৰতিদিনে সংবাদ শিৰোনামা দখল কৰি আছে।

অপৰাধমূলক ঘটনাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে নগাঁও জিলা অন্যতম। জিলাখনত প্ৰায় প্ৰতিদিনেই অপৰাধমূলক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। পুনৰ এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিৰ হৈছে নগাঁও জিলাত। নগাঁৱত পিষ্টল দেখুৱাই ডকাইতৰ দলে লুটি নিয়ে লক্ষাধিক টকা।

নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড। শুকুৰবাৰে সন্ধিয়াৰ ভাগত নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় এই ডকাইতিকাণ্ড। আব্দুল হাছিম নামৰ ব্যৱসায়ীজনৰ বাসগৃহত ডকাইতৰ দলে লুটিপাত চলায়।

৬ জনীয়া ডকাইতৰ দলে ব্যৱসায়ীজনৰ বাসগৃহত প্ৰৱেশ কৰি সংঘটিত কৰে ডকাইতিকাণ্ড। তিনিখন বাইকত অহা ডকাইতৰ দলটোৱে ব্যৱসায়ী আব্দুল হাছিমক পিষ্টল দেখুৱাই ৰছীৰে বান্ধি লুটি নিয়ে নগদ লক্ষাধিক টকা আৰু সোণৰ অলংকাৰ।