বোকাজান : ৰাজ্যত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (War Against Drugs)। আৰক্ষীৰ নাকা তালাচীত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। এখন চাৰিচকীয়া বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ হয় প্ৰায় ২৫ কোটি টকা মূল্যৰ হে’ৰইন। ড্ৰাগছখিনি সৰবৰাহৰ লগত জড়িত এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান মাজতো ৰাজ্যৰ অব্যাহত আছে ড্ৰাগছৰ বেহা। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰি এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও অসম আৰক্ষীক যেন কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে। এতিয়াও ড্ৰাগছ সৰবৰাহকাৰী সকলে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে।

দেওবাৰে পুৱাৰ ভাগত পুনৰ ইয়াৰ প্ৰমাণ দেখিবলৈ পোৱা যায়। অসমৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই এজন ড্ৰাগছ সৰবৰাহকাৰী বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে। প্ৰায় ৫ কেজি ওজনৰ হে’ৰইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক। এই বৃহৎ সাফল্য পুনৰ এবাৰ লাভ কৰে কাৰ্বি আংলং আৰক্ষীয়ে।

কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে খটখটিত নাকা তালাচী চলাই এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি সৰবৰাহৰ লগত জড়িত এজন ড্ৰাগছ সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন হোজাই জিলাৰ ফিজুল আহমেদ বুলি জানিব পৰা গৈছে। বোকাজান আৰক্ষীয়ে জানিবলৈ দিয়ে ” এক গোপন খবৰৰ ভিত্তিত পুৱা প্ৰায় ১০ মান বজাত খটখটিৰ নাকা তালাচীত আৰক্ষীয়ে এখন বগা বলেৰ বাহনত তালাচী চলাই ৩৯০ টা চাবোনৰ বাকচ ভৰ্তি হে’ৰইন জব্দ কৰে। বাহনখনৰ গোপন চেম্বাৰত হে’ৰইনখিনি লুকুৱাই অনা হৈছিল। বাহনখন নাগালেণ্ডৰ ডিমাপুৰৰ দিশৰ পৰা আহি আছিল।”