New Assamese Film : এন কে প্রডাকচনৰ নতুন অসমীয়া চলচ্চিত্ৰ শ্লেমবুক সংগীত মুকলি

In বিনোদন, ৰাজ্য
Umra Package

গুৱাহাটী : এন কে প্রডাকচনৰ নতুন অসমীয়া (New Assamese Film) চলচ্চিত্ৰ “শ্লেমবুক”। মহানগৰীৰ কাহিলিপাৰাস্থিত এন কে ৰেছিডেন্সিত চলচ্চিত্ৰখনৰ সংগীত মুকলি কৰা হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে চলচ্চিত্ৰখনৰ সংগীত মুকলি কৰে।

চাৰিটা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনৰ চিনাকি নাম এন কে প্ৰডাকচনৰ বেনাৰত দেৱ বৰকটকীয়ে প্ৰয়োজনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ “শ্লেমবুক”ৰ সংগীত মুকলি কৰা হয়। দেওবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত এন কে ৰেছিডেন্সীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছবিখনিৰ গীতসমূহত মুকলি কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। অনুষ্ঠানটোত উপস্থিত থাকে শিল্পী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জনপ্ৰিয় অভিনেতা যতীন বৰা, গীতিকাৰ-কণ্ঠশিল্পী দিগন্ত ভাৰতী, গৰিমা শইকীয়া গাৰ্গ প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি।

কৈশোৰৰ প্রথম প্রেম-জীৱনত কেতিয়াও পাহৰিব নোৱাৰা এক অধ্যায়, এসাগৰ স্মৃতি যাৰ প্রতিটো মূহূর্ত আমি অসীম আৰু আৱেগ আনন্দৰে চিৰদিন মনত ৰাখিব বিচাৰো। সেই মধূৰ সময়ৰ পটভূমিতে এন কে প্রডাকচনৰ নতুন চিনেমা ‘শ্লেমবুক’ৰ কাহিনী। এন কে প্রডাকচনে দীর্ঘদিন ধৰি উচ্চমানবিশিষ্ট তথা বহুল জনপ্রিয় শ্রব্য কেছেট, চিনেমা, ধাৰাবাহিক আদিৰ নির্মাণেৰে অসমীয়া বিনোদন জগতলৈ অৱদান আগবঢ়াই আহিছে।

‘তুমি মোৰ মাথোঁ মোৰ’, ‘মায়া’, ‘জানমণি’, “দূৰদৰ্শন-এটি যন্ত্ৰ” আদিয়ে অসমৰ ৰাইজৰ অন্তৰত সুকীয়া ঠাই দখল কৰি আছে। কলা আৰু সৃষ্টিৰ এই যাত্রা অব্যাহত ৰাখি এন কে প্রডাকচনে নিৰ্মাণ কৰা নতুন ছবি ‘শ্লেমবুক’ অহা ৫ মে’ত চিত্ৰগৃহলৈ আহিব। পৰিচালনাৰ দায়িত্বত আছে ছবি নির্মাণৰ প্রতি নিজৰ সমস্ত আৱেগেৰে সমর্পিত এজন প্রতিভাশালী যুৱক প্রাঞ্জল গয়াৰী। চিত্রনাট্য-সংলাপ লিখিছে বিষ্ণুজ্যোতি সন্দিকৈয়ে।

নিজৰ সুৰ-সংগীত-কণ্ঠৰে শ্রোতা-দর্শকক যোৱা প্রায় তিনি দশক ধৰি মোহাচ্ছন্ন কৰি ৰখা হার্টথ্র’ব জুবিন গার্গে ছবিখনৰ সংগীত পৰিচালনা কৰিছে। ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰূহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া, মিনৰাভা বৰাই। গীতিকাৰ-জুবিন গাৰ্গ, দিগন্ত ভাৰতী, শশাংক সমীৰ, ৰাহুল গৌতম শৰ্মা। ছবিখনিত অভিনয় কৰিছে ক্ৰমে-নিৰুপম শইকীয়া, শ্ৰেষ্ঠা বি চৌধুৰী, সিদ্ধাৰ্থ মুখাৰ্জী, বিভুতিভূষণ হাজৰিকা, ৰূপম বৰুৱা, প্ৰিয়ংকা বৰুৱা, কাকলি সন্দিকৈ, পূনম লহকৰৰাণী বৰকটকী, ৰাজ দত্ত, চিন্ময় জে বৰগোহাঞি, জুবিন দাস, অভিনৱ গগৈ আদিয়ে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu