Sibani Saikia 

গুৱাহাটী : পুনৰ ফাদিল প্ৰশ্ন কাকত (Question Paper Leak)। চলিত বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত পুনৰ ফাদিল। এইবাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হ’ল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ছেবাৰ। পৰীক্ষা বাতিলকলৈ ছেবাৰ ফলৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোৱা হৈছে প্ৰশ্ন কাকত ফাদিল হোৱা নাই, ছাত্ৰ-ছাত্ৰীৰ মনত বেমেজালিৰ সৃষ্টি নহ’বৰ বাবেহে বাতিল কৰা হৈছে পৰীক্ষা।

প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত ছেবাৰ ফালৰ পৰা দিয়া স্পষ্টীকৰণত কোৱা হৈছে “কোনো ধৰণৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই, মাত্ৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা বাতৰিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত যাতে বেমেজালিৰ সৃষ্টি নকৰে ইয়াৰ বাবেহে পৰীক্ষা বাতিল কৰা হৈছে।” উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত দেওবাৰে নিশা বাতিল হোৱাকলৈ ছেবাই পৰীক্ষা বাতিল কৰা সিদ্ধান্ত ঘোষণা কৰিছিল।

প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক টুইটযোগে জনায় যে “সাধাৰণ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ বাবে ১৩ মাৰ্চ অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰৱৰ্তী সময়ত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ’ব।” আনহাতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত টুইতযোগে প্ৰকাশ কৰে যে এই সন্দৰ্ভত এক অপৰাধমূলক গোচৰ ৰুজু হৈছে আৰু চিআইদিৰ দ্বাৰা তদন্ত কৰা হ’ব।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় “অসমৰ মধমিক শিক্ষা পৰিষদে পৰিচালনা কৰা ১৩ মাৰ্চ ২০২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্রশ্ন কাকত ফাদিল হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। এই সন্দৰ্ভত এক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু চিআইদিৰ দ্বাৰা তদন্ত কৰা হ’ব। আমি অপৰাধী আৰু ষড়যন্ত্ৰকাৰী সকলক আইনলৈ আওতালৈ আনিম।”

ইফালে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে পৰীক্ষা বাতিল কৰাৰ বাবে ছেৱা আৰু শিক্ষামন্ত্ৰীক তীব্ৰ সমালোচনা কৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী জনাইছে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে।