জুৰীয়া : জুৰীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ আৰু নগদ ধনসহ গ্ৰেপ্তাৰ কৰে। কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনে দীর্ঘদিন ধৰি অঞ্চলটোত চলাই আছিল ড্ৰাগছৰ বেহা।

নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনত আৰক্ষীয়ে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও একাংশ ড্ৰাগছ মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আছে।

জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ কদমনি পথাৰ গাঁৱত দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকা এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিথ বড়োৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ ১২৪০ টকাসহ গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম জালাল উদ্দিন বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জালাল উদ্দিনক অধিক তথ্যৰ বাবে জেৰা চলাই আছে। দীর্ঘদিন ধৰি জালাল উদ্দিনে অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল যদিও এক গোপন খবৰ ভিত্তিত আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযান চলাই জালাল উদ্দিনক গ্ৰেপ্তাৰ কৰে।