নিউজ ডেস্ক : মেঘালয়ৰ ৰাজধানী শ্বিলংত বোমা বিস্ফোৰণ। শ্বিলংৰ ব্যস্ত পুলিচ বজাৰত বোমা বিস্ফোৰণৰ ঘটনা। ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

মেঘালয়ৰ ৰাজধানী শ্বিলংৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ পুলিচ বজাৰত দেওবাৰে সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। সন্ধিয়া ৬.৫৫ বজাত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ঘটনাৰ পিছতে পুলিচ বজাৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

পুলিচ বজাৰৰ দিল্লী মিষ্টান ভাণ্ডাৰৰ কাষত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা। ঘটনাত কোনো লোকে হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। সাধাৰণতে সন্ধিয়াৰ ভাগত পুলিচ বজাৰত ব্যাপক ভিৰ থাকে যদিও দেওবাৰৰ হোৱাৰ বাবে পুলিচ বজাৰত মানুহৰ সমাগম অন্য দিনত তুলনাত কম আছিল।

বোমাটো আইআইডি আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত মেঘালয় আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই বোমা বিস্ফোৰণৰ লগত কোন জড়িত বর্তমানলৈকে জানিব পৰা হোৱা নাই। বৰ্তমানলৈকে কোনো সংগঠনেও এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।