আজিজ আলী

মুকালমুৱা : মুকালমুৱাত উদ্ধাৰ এটা আঘাতপ্ৰাপ্ত দুষ্প্ৰাপ্য ঈগল চৰাই। আঘাতপ্ৰাপ্ত ঈগল চৰাইটো আশ্ৰয় লয় এগৰাকী পক্ষী প্ৰেমীৰ ঘৰৰ চৌহদত। দুষ্প্ৰাপ্য ঈগল চৰাইটো চাবলৈ বহু লোকৰ ভিৰ।

নলবাৰী জিলাৰ মুকালমুৱাৰ লোহাৰকাঠাত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য ঈগল চৰাই। নিশা লোহাৰকাঠা গাঁবৰ ৰাজু আলী নামৰ এজন পক্ষী প্ৰেমীয়ে নিজৰ ঘৰৰ চৌহদত প্ৰত্যক্ষ কৰে দুষ্প্ৰাপ্য ঈগল চৰাইটো। ৰাজু আলীয়ে ঈগল চৰাইটো উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে।

উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য ঈগল চৰাইটোৰ এখন ভৰিত সামান্য আঘাতপ্ৰাপ্ত হৈ আছে যদিও ঈগল চৰাইটো সুস্থ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ৰাজু আলীয়ে। বিলুপ্তি প্ৰায় ঈগল চৰাইটো চাবলৈ পক্ষী প্ৰেমী ৰাজু আলীৰ ঘৰত অঞ্চলটোৰ বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়।