লাহৰিজান : উচ্ছেদ অভিযানৰ সময়ত উত্তপ্ত হৈ পৰে বালিজানৰ খানবস্তি। উচ্ছেদৰ বিৰুদ্ধে ওলাই আহে ৰাইজ। উত্তাল প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীৰ শিলা বর্ষণ। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলী চালনা, কন্দুৱা গেছ প্ৰয়োগ। আৰক্ষীসহ আহত কেইবাজনো লোক।

দেওবাৰে পুৱাৰ ভাগত কাৰ্বি আংলং জিলাৰ লাহৰিজানৰ অন্তৰ্গত বালিজান খানবস্তিত প্ৰশাসনে উচ্ছেদ অভিযান চলায়।অবৈধভাৱে ভূমি দখল কৰি বসবাস কৰি থকা লোক সকলক উচ্ছেদ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল পুৱাই উপস্থিত হয় খানবস্তিত।

প্ৰথম অৱস্থাত অবৈধভাৱে ভূমি দখল কৰি বসবাস কৰি থকা লোক সকলে উচ্ছেদৰ বিৰোধিতা কৰে যদিও উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে আৰম্ভ হয়। কিন্তু এটা মছজিদক ভঙাৰ পিছতে হঠাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আৰম্ভ হয় উত্তাল প্ৰতিবাদ।

উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিত লোক সকলে সাব্যস্ত কৰা প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ ওপৰত শিলা বর্ষণ আৰম্ভ কৰে। প্ৰতিবাদকাৰী শিল লাগি গুৰুত্বৰভাৱে আহত হয় খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা। ইয়াৰ পিছতে শূণ্যলৈ আৰক্ষীৰ গুলী চালনা আৰু প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ আৰম্ভ হয়।

উচ্ছেদিত লোক সকলে নিজকে অঞ্চলটোৰ স্থায়ী বাসিন্দা বুলি দাবী কৰে আৰু প্ৰশাসনৰ উচ্ছেদ কাৰ্যক সম্পূৰ্ণ বেআইনী বুলি অভিহিত কৰে৷ ১৩৪ টা ঘৰৰ ১০০ টাত চলিছে প্ৰশাসনৰ উচ্ছেদ ৷ উল্লেখ্য যে অঞ্চলটোত মুঠ ১৩৪ টা পৰিয়াল বসবাস কৰে। এই ১৩৪ টা পৰিয়ালৰ ভিতৰত ১০০ টা পৰিয়াল অবৈধভাৱে বসবাস কৰি আছে।

উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি এই ১০০ টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে দেওবাৰে অভিযান চলাইছিল। কিন্তু শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা উচ্চ অভিযান হঠাৎ হিংসাত্মক ৰূপ ধাৰণ কৰে। উচ্ছেদিত লোক সকলে আৰক্ষীৰ ওপৰত শিলা বর্ষণ কৰাত কেইবাজনো আৰক্ষীৰ লোক আহত হৈছে। ইফালে আৰক্ষীৰ শূণ্যলৈ গুলী চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বহু প্ৰতিবাদকাৰী আহত হয়।