গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যে যোগাযোগ আৰু সাংবাদিকতা বিভাগ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র মুন তালুকদাৰ নেতৃত্বত জালুকবাৰীৰ তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্ৰন্থ বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত সহযোগিতা কৰে “জ্ঞান যাত্ৰা”ৰ সমন্বয়ক ৰাহুল ডেকাই। মুন তালুকদাৰে সম্পাদনা কৰা “ভাৰত বিশ্বৰ সাধাৰণ জ্ঞান” নামৰ গ্ৰন্থখন প্ৰায় ৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰী মাজত বিতৰণ কৰে । লগতে তেওঁলোকে জনোৱা অনুসৰি অনাগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ে বিদ্যালয়ে গৈ গ্ৰন্থ বিতৰণ কৰাৰ লগতে “জ্ঞান যাত্ৰা” ৰ মাধ্যমেৰে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সৈতে ছাত্ৰ-ছাত্ৰী পৰিচয় কৰা দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিৱ বুলি জানিবলৈ দিয়ে। কোনো ব্যক্তি বা প্ৰতিষ্ঠানে যদি এই যাত্ৰাত সহযোগিতা কৰিব বিচাৰে তেন্তে ৭৫৭৬৯৩৪৪৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই।