কলগাছিয়া, সংবাদ ৩৬৫, ১৮ আগষ্ট : প্ৰায় ছয়দিন ধৰি একেটা পৰিয়ালৰ ৫ জন লোক ক্ৰমে, আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰামুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) আৰু নাৰ্গীচ চুলতানা (৭) এতিয়াও সন্ধানহীন হৈ আছে । এছ ডি আৰ এফ বাহিনীয়ে নামমাত্ৰ দুদিন উদ্ধাৰ অভিযান চলাই দায়িত্ব সামৰিছে যদিও স্থানীয় ৰাইজে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

উক্ত ঘটনাস্থলীত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কনকন শৰ্মাৰ লগতে কোনো দণ্ডাধীশ পৰ্যায়ৰ বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজে । ফলত পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । চক্ৰ বিষয়া কনকন শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, নাও দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলে ।

মদ খাই মানুহ মৰিলে চৰকাৰে ক্ষতিপূৰণ দিব পাৰে কিন্তু নাও দুৰ্ঘটনাত পাঁচজন মানুহৰ মৃত্যু হোৱাৰ পিছতো চৰকাৰে কিয় ক্ষতিপূৰণ দিব নোৱাৰে বুলি অভিযোগ কৰে ৰাইজে । প্ৰতিবাদকাৰী সকলে মৃত ব্যক্তিৰ পৰিয়ালক বিনাচৰ্তে পাঁচ লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ।