গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : শনিবাৰে শুভ উদ্বোধন কৰা হ’ল “গণশিল্পী খগেন মহন্ত উদ্যান”। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী তথা বিহু সম্ৰাটগৰাকীৰ জন্মদিনটোতে উদ্বোধন কৰা হয় উদ্যানখন।

“গণশিল্পী খগেন মহন্ত উদ্যান”খন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে খগেন মহন্তৰ সহধৰ্মিনী অৰ্চনা মহন্ত, পুত্ৰ অংগৰাগ পাপন মহন্ত, অভিনেতা যতীন বৰাৰ লগতে অসংখ্য গুণমুগ্ধ ।

উদ্যান মুকলি কৰাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ । এটি বৰগীত পৰিৱেশনেৰে অনুষ্ঠান মুকলি কৰিলে পাপনে ।

অনুষ্ঠানটিত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, মন্ত্ৰী নৱ দলে, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপক শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি ।