জোনমণি বেগম

বিশ্বনাথ : ভোগালীৰ উৰুকা উপলক্ষে বিশ্বনাথ নগৰৰ দৈনিক মাছৰ বজাৰত ২২ কেজি ওজনৰ বৰালী মাছ। বিশ্বনাথ নগৰৰ দৈনিক মাছৰ বজাৰত ২ হাজাৰ টকা পৰ্যন্ত উঠিল প্ৰতি কেজি বৰালী মাছৰ দাম। সকলোকে লাগে পছন্দৰ মাছ।

উৰুকাৰ মাছৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিশ্বনাথ নগৰৰ দৈনিক মাছৰ বজাৰতো দেখিবলৈ পোৱা গৈছে ক্ৰেতাৰ ব্যাপক ভিৰ। উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ মাছ ক্ৰয় কৰিবৰলৈ মাছৰ বজাৰলৈ আহিছে গ্ৰাহক সকল।

ৰৌ, বৰালী, চিতল, ভকুৱাকে ধৰি ভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে ভোগালী উপলক্ষে মাছৰ বজাৰত। পুৱাৰে পৰা প্ৰতিকুল বতৰৰ মাজতো বিশ্বনাথ নগৰত থকা দৈনিক মাছৰ বজাৰত দেখা গৈছে মাছ কিনিবলৈ অহা লোকৰ ভিৰ। বিশ্বনাথৰ দৈনিক মাছৰ বজাৰত উৰুকা উপলক্ষে ২২ কেজি ওজনৰ বৰালী মাছ দেখা পোৱা গৈছে।

প্ৰকাণ্ড আকাৰৰ বৰালী মাছটো গোটাই নিলে ১৬০০ টকা প্ৰতি কেজি আৰু কাটি নিলে ২ হাজাৰ টকা প্ৰতি কেজি ওজনত। ইয়াৰ বিপৰীতে চিতল মাছ ১২০০ টকা কেজি। প্ৰতিটো মাছে ৫০০ টকাৰ পৰা আৰম্ভ কৰি ২ হাজাৰ টকা প্ৰতি কেজিত চুইছে।

জুই চাই দাম যদিও বছৰৰ মূৰত এবাৰ আহা হেপাহৰ ভোগালী বিহুটিত সকলোৱে মিলি এসাজ একেলগে খাবলৈ প্ৰস্তুতি চলাইছে সকলোৱে। মূল্য যিমানেই নহওঁক কিয়, উৰুকাৰ নিশা মেজিৰ বাকৰিত একেলগে মিলি খবলৈ সকলোৱে পছন্দৰ মাছ বিচাৰি বজাৰত কৰিছে ভিৰ।