কাজিৰঙা : প্ৰতিবছৰে উৰুকাৰ দিনা কাজিৰঙাত দেখিবলৈ পোৱা যায় এক উত্তপ্ত পৰিস্থিতিৰ। এইবেলি ইয়াৰ ব্যতিক্ৰম নহ’ল। এইবেলিও পূৰ্বৰ দৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ল কাজিৰঙাত। উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

উৰুকাৰ দিনটোত সমূহীয়া মাছ ধৰাতো এক পৰম্পৰা। নিশা মেজিৰ বাকৰিত সকলোৱে মিলি এসাজ খাবলৈ জলাশয় সমূহত সমূহীয়া মাছ মাৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাজিৰঙাতো উৰুকাৰ দিনটোত সমুখীয়াকৈ মাছ ধৰে স্থানীয় ৰাইজে।

বিগত বছৰ সমূহৰ দৰে এইবেলিও কাজিৰঙাত সমূহীয়া মাছ ধৰাত বন বিভাগে বাধা প্ৰদান কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। বন বিভাগে মাছ ধৰাত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি কাজিৰঙাত ক্ষোভিত ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জলাশয় সমূহত সমূহীয়া মাছ ধৰাত বাধা প্ৰদান কৰিছে প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশনাত বন বিভাগ আৰু আৰক্ষীয়ে স্থানীয় ৰাইজক কাজিৰঙাৰ কাষৰীয়া জলাশয় সমূহত মাছ ধৰিবলৈ বাধা প্ৰদান কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।