মুকালমুৱা, ৯ জুলাইঃ বৰক্ষেত্ৰীৰ বেকাট্টাৰীত দলং নিৰ্মানৰ কামত চূড়ান্ত গাফিলতি তথা দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত কৰি আৰু প্ৰাপ্য দিন-হাজিৰা আদায়ৰ দাবীত গড়কপ্তানি বিভাগৰ পথ বন্ধ কৰিলে শ্ৰমিক সহ দুই শতাধিক স্থানীয় ৰাইজে৷ ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি শ্ৰমিক তথা স্থানীয় ৰাইজে ৩ ঘন্টাতকৈ অধিক সময় ধৰি বন্ধ কৰিলে বৰক্ষেত্ৰী সমষ্টিৰ কাপলাবড়ীৰ পৰা সৰুক্ষেত্ৰী সমষ্টিৰ কাঁহ-শিল্প নগৰী সৰ্থেবাৰীলৈ যোৱা পথচোৱা৷ অঞ্চলটোত শতাধিক লোকৰ সমাগমে উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰাত দৌলাশাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ চেষ্টা কৰে। অৱশেষত বিভাগীয় কৰ্তৃপক্ষই শ্ৰমিক সকলক দুই দিনৰ ভিতৰত দিন হাজিৰা দিয়াৰ আশ্বাসৰ পিছতহে পথ মুকলি কৰি দিয়ে শ্ৰমিক সকলে ৷ আনহাতে স্থানীয় ৰাইজে দলং নিৰ্মানৰ নামত হোৱা অনিয়ম সন্দৰ্ভত স্থানীয় বিধায়ক নাৰায়ণ ডেকাক ঠিকাদাৰৰৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়া।