লখিমপুৰ, ১০ জুলাইঃ লখিমপুৰৰ বিভিন্ন অঞ্চল লগতে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত নিশাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত পুৱতি নিশাৰে পৰা বিভিন্ন অঞ্চল বানৰ কৱলত পৰিছে৷ পুৱতি নিশা গাভৰু নদীৰ বাঢ়নী পানীয়ে লালুকৰ তৰাজুলি, পইতাপাৰ, বাৰমাইল, গড়মূৰ, পদুমণি, পুখুৰীপৰীয়া, লাচিত ক্ষেত্ৰ, পাভ মথাউৰী, গাভৰু টুনিজান, পদ্মপুৰ মিচিং, বালিগাওঁ, কণগাড়ী চুবুৰী, গড়মূৰ খ্ৰীষ্টান, সোনাপুৰ, ফেনখাটি, গোবিন্দপুৰ, ডুবি, ওৱাহাট অঞ্চলৰ কৃষি ভূমিৰ উপৰিও অধিকাংশ ৰাইজৰ ঘৰ বাৰী বানপানীয়ে বুৰাই পেলাইছে৷ মেনেহা নৈ বাঢ়নী পানীয়ে বঙালমৰাৰ আহমেদপুৰ, কুটুবপুৰ, যুৱনগৰ, পাভ, তিনঠেংগীয়া, দৌলতপুৰৰ অধিকাংশ অঞ্চল বুৰাই পেলাইছে৷ আনহাতে গাভৰুৰ বাঢ়নী পানীয়ে লালুকৰ পুখুৰীপৰীয়া অংশত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱাত পথটোৰে যাতায়ত কৰি থকা এখন মাৰুতি গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ পানীত আবদ্ধ হৈ পৰে৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত গাড়ীসহ আৰোহী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আকস্মিক ভাৱে হোৱা বাঢ়নী পানী অধিকাংশ লোকৰ ঘৰৰ ভিতৰত সোমোৱাত বহু মূল্যবান সামগ্ৰী নষ্ট হোৱাৰ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতি হয়৷