ৰঙিয়া, ৯ জুলাইঃ ৰঙিয়াত আৰক্ষীয়ে পাঁচ দুৰ্ধৰ্ষ ডকাইতক আটক কৰে।গুৱাহাটীলৈ ডকাইতিৰ উদ্দেশ্যে যোৱাৰ মুহূৰ্তত ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মৰাণজানাৰ পৰা ডকাইত কেইজনক আটক কৰে ।ধৃত ডকাইত কেইজন ৰঙিয়াৰ ধুহিৰ ইদুল আলী, ধন আলী, নিতুল দাস, আতিকুল আলী আৰু ৰাহুল আলী। আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা ১২ মে’ত ৰঙিয়াৰ গোপালপুৰত জনলক্ষী নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ এজেন্ট মাইনুদ্দিন আহমেদক আক্ৰমণ কৰি ডকাইতৰ দল এটাই লক্ষাধিক টকা লুটি নিছিল। উক্ত ডকাইতি কাণ্ডৰ সৈতে আটকাধীন ডকাইত কেইজন জড়িত আছিল। ইয়াৰ উপৰিও ৰঙিয়াৰ বিভিন্ন ধন লুট আৰু ডকাইতি কাণ্ডৰ সৈতে ধৃত ডকাইত কেইজন জড়িত আছিল।