গুৱাহাটী, ২ মাৰ্চ, ২০২৪ : ভাৰতীয় বক্সিং ফেডাৰেছনে (Indian Boxing Federation) দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈছে৷ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত ফেডাৰেচনে আৰম্ভ কৰা এই টেলেণ্ট হাণ্ট কাৰ্যসূচী দেশৰ দুটা মাণ্ডলিক স্থানত সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পাছত দেওবাৰৰ পৰা অসমত অনুষ্ঠিত হ’ব৷ ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই শনিবাৰে সংবাদমেলত এই বিষয়ে অবগত কৰে৷

ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি তিনিৰ পৰা অহা ১৮ মাৰ্চলৈ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা৷ উল্লেখ্য যে এই মুকলি চেম্পিয়নশ্বিপখন ভাৰতীয় বক্সিং ফেডাৰেচনে পুৰুষ আৰু মহিলা উভয় বক্সাৰৰ বাবে এলিট, যুৱ, জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত দেশৰ চাৰিটা মণ্ডলত আয়োজন কৰিছে৷ গুৱাহাটীত হ’বলগা আৰ ই চি ইষ্টাৰ্ন অ’পেন টেলেণ্ট হাণ্টৰ বাবে ইতিমধ্যে ১৯ খন ৰাজ্যৰ প্ৰায় তিনিশৰো অধিক ল’ৰা-ছোৱালীয়ে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত নাম পঞ্জীয়ন কৰিছে৷

দেওবাৰৰ পৰা ন মাৰ্চলৈ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ খেল হোৱাৰ বিপৰীতে ১২ ৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব পুৰুষ-মহিলাৰ যুৱ আৰু এলিট শাখাৰ খেল৷ যুৱ আৰু এলিট শাখাৰ ৰাষ্ট্ৰীয় পঞ্জিয়ন এতিয়াও চলি আছে৷
ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই কয় ‘আমি দেশৰ সকলো প্ৰান্তৰ পৰাই নতুন প্ৰতিভা নিৰ্বাচন কৰাৰ বাবেই চাৰিটা মণ্ডলত এই প্ৰতিযোগিতা আয়োজন কৰিছো৷ যিকোনো স্থানৰ খেলুৱৈয়ে এই মুকলি প্ৰতিযোগিতাত অংশ ল’ব পাৰিব৷ মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ সোণ, ৰূপ আৰু ব্ৰঞ্জজয়ী খেলুৱৈয়ে ১৫, ১০ আৰু পাঁচ হেজাৰ টকা প্ৰাইজমানি লাভ কৰিব৷ আনহাতে প্ৰতিটো ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট আঠ বক্সাৰে মণ্ডলৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ হাৰিয়ানাত হ’বলগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ চেম্পিয়নক পোনে পোনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত কৰি উন্নত প্ৰশিক্ষণ দিয়া হ’ব৷’

উল্লেখ্য যে ভাৰতীয় বক্সিং ফেডাৰেচনে খেলুৱৈৰ যাতায়ত ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে মণ্ডলত বিভক্ত কৰি প্ৰতিযোগিতা আয়োজন কৰিছে যদিও যিহেতু এয়া প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় কাৰ্যসূচী সেয়ে সকলোৰে বাবে মুকলি ৰখা হৈছে৷ যাৰবাবে অসমত পূৱ মণ্ডলৰ প্ৰতিযোগিতা হোৱাৰ পাছতো ১৯ খন ৰাজ্যৰ খেলুৱৈয়ে যোগদান কৰিছে৷ পূৱ মণ্ডলৰ সকলো ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰ, তামিলনাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, তেলেংগনা আদিৰ ল’ৰা-ছোৱালীও গুৱাহাটীলৈ আহিছে৷ ছাব-জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ওজন শাখা ১৪ টাকৈ হোৱাৰ বিপৰীতে জুনিয়ৰৰ ওজন শাখা ১৩ টাকৈ থাকিব৷ দেওবাৰে আবেলি তিনি বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ সংবাদমেলত বি এফ আইৰ কাৰিকৰী বিষয়া আৰ ৰাজেন্দৰন, ধমেন্দ্ৰ ভাট আৰু আৰ ই চিৰ নীৰজ যোশীও উপস্থিত থাকে৷