গুৱাহাটী, ৩ মাৰ্চ, ২০২৪ : গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দেওবাৰৰ পৰা আৰম্ভ হৈছে আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং (Boxing) প্ৰতিযোগিতা৷ ১৯ খন ৰাজ্যৰ প্ৰায় তিনিশৰো অধিক ল’ৰা-ছোৱালীয়ে অংশ লোৱা প্ৰতিযোগিতাখন আবেলি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷

নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশত নৱাগত খেলুৱৈ সৃষ্টিত চৰকাৰ আৰু ক্ৰীড়া ফেডাৰেছনৰ ভূমিকাক প্ৰশংসা কৰি কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে খেলো ইণ্ডিয়া আঁচনি আৰম্ভ কৰি সমগ্ৰ ভাৰতে ক্ৰীড়াৰ এক নৱজাগৰণ আনিছে৷ ‘ভাৰতৰ ক্ৰীড়াবিদে এতিয়া ধাৰাবাহিকৰূপত আন্তৰ্জাতিক প্ৰতিযোগিতাত সফলতা লাভ কৰি দেশক গৌৰৱান্বিত কৰিছে৷ এই ধাৰাটো অব্যাহত ৰাখিবলৈ খেলো ইণ্ডিয়া আঁচনিয়ে দেশৰ সকলো প্ৰান্তৰ পৰাই নতুন প্ৰতিভা বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ গুৱাহাটীৰ এই প্ৰতিযোগিতাৰ পৰাও অনাগত সময়ত দেশে প্ৰতিভাবান ক্ৰীডাবিদ লাভ কৰিব৷ মই ভাৰত চৰকাৰৰ লগতে ভাৰতীয় বক্সিং ফেডাৰেছনকো এনে ধৰণৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছো৷’ ৰাজ্যপাল কাটাৰিয়াই কয়৷

উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতা, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বৰ্ডৰ যুটীয়া সচিব দেৱজিত শইকীয়া, অসম বক্সিং সন্থাৰ সভাপতি কমল চন্দ্ৰ গয়াৰী আদিৰ লগতে কেবাজানো ৰাজ্যিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানৰ পাছতে ল’ৰা-ছোৱালীৰ ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখা প্ৰথম ৰাউণ্ডৰ খেলসমুহ আৰম্ভ হয়৷ উল্লেখ্য যে ভাৰতীয় বক্সিং ফেডাৰেছনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত এই টেলেণ্ট হাণ্ট কাৰ্যসূচী আৰম্ভ কৰিছে৷

ইতিমধ্যে দেশৰ তিনিটা মাণ্ডলিক স্থানত সফলতাৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত দেওবাৰৰ পৰা অসমত আৰম্ভ হৈছে৷ মুকলি চেম্পিয়নশ্বিপখনত পুৰুষ আৰু মহিলাৰ এলিট, যুৱ, জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অহা ন মাৰ্চলৈ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ খেল হোৱাৰ বিপৰীতে অহা ১২ ৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব যুৱ আৰু এলিট শাখাৰ খেল৷ উল্লেখ্য যে ইতিমধ্যে বাংগালুৰুত হৈ যোৱা দক্ষিণ মণ্ডলৰ টেলেণ্ট হাণ্ট প্ৰগ্ৰেমত জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত ২৫৯ জন আৰু এলিট তথা যুৱ শাখাত ৫৮২ জনতকৈ অধিক বক্সাৰে অংশগ্ৰহণ কৰিছিল৷

পশ্চিম মণ্ডলৰ প্ৰতিযোগিতাত জুনিয়ৰ তথা ছাব-জুনিয়ৰ শাখাত ২১৩ জন আৰু এলিট তথা যুৱ শাখাত ২৯৯ গৰাকী বক্সাৰে অংশ লয়৷ আনহাতে নতুন দিল্লীত হোৱা উত্তৰ মণ্ডলৰ খেলতো পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ মণ্ডলিক প্ৰতিযোগিতাৰ অন্তত এখন ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আয়োজন কৰি নতুন প্ৰতিভাৰ চুড়ান্ত তালিকা নিশ্চিত কৰা হ’ব আৰু তেওঁলোকক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়া হ’ব৷