গুৱাহাটী, ১০ মাৰ্চ, ২০২৪ : অহা ১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক ডাঃ টি আও (Dr. T Aao) আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা৷ দেওবাৰে এই বিষয়ে সদৰি কৰিছে প্ৰতিযোগিতাখনৰ আয়োজক ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱা আৰু ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে৷ উল্লেখযোগ্য যে ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত এইবাৰ চাৰিটা দলে অংশগ্ৰহণ কৰিছে৷

প্ৰতিটো দলে প্ৰথমে তিনিখনকৈ ৰাউণ্ড ৰবীন লীগ মেচত অংশ ল’ব আৰু শীৰ্ষ দল দুটাই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ সভাপতি স্বপ্ননীল বৰুৱাই জনোৱা অনুসৰি এইবাৰ প্ৰতিযোগিতাৰ প্ৰতিদিনে দুখনকৈ লীগ মেচ অনুষ্ঠিত হ’ব৷ এখন দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ আবেলি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰতিযোগিতাৰ ফাইনেল মেচখন অহা ১৭ মাৰ্চত দিনৰ দুই বজাৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাৰ ঘোষিত সূচী অনুসৰি অহা ১৩ মাৰ্চৰ উদ্বোধনী মেচত দৌৰাং এফ চি, ছিপাঝাৰ দলে অৰগেং এফ চি, ডিমাকুছিৰ বিৰুদ্ধে খেলিব৷ এই মেচখন দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হ’ব৷ উক্ত দিনাই চাৰি বজাৰ পৰা হ’বলগা দ্বিতীয়খন লীগ মেচত কামৰূপা এফ চি মুখামুখি হ’ব গুৱাহাটী চিটী এফ চিৰ৷ ইফালে, ১৪ মাৰ্চৰ প্ৰথমখন মেচত গুৱাহাটী চিটী এফ চিয়ে দৌৰাং এফ চি, ছিপাঝাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সিদিনাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব অৰগেং এফ চি, ডিমাকুছি আৰু কামৰূপা এফ চি৷

আনহাতে, ১৫ মাৰ্চৰ প্ৰথমখন মেচত কামৰূপা এফ চিৰ বিৰুদ্ধে খেলিব দৌৰাং এফ চি, ছিপাঝাৰ দলে৷ তদুপৰি প্ৰতিযোগিতাৰ অন্তিম লীগ মেচখনত গুৱাহাটী চিটী এফ চি মুখামুখি হ’ব অৰগেং এফ চি, ডিমাকুছিৰ৷ উল্লেখযোগ্য যে উত্তৰ-পূবৰ প্ৰথমজন অলিম্পিয়ান তথা ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় ফুটবল দলৰ অধিনায়ক ডাঃ টি আওৰ স্মৃতিত বিগত তিনি বছৰ ধৰি ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিয়ে সফলতাৰে আয়োজন কৰি অহা এই প্ৰতিযোগিতাখন এইবাৰো সাফল্যমণ্ডিত কৰিবলৈ স্থানীয় ক্ৰীড়াপ্ৰেমীৰ সহযোগিতা দূয়োটা আয়োজক সন্থাই কামনা কৰিছে৷