গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই : সততে বিতৰ্কত থকা জুবীন গাৰ্গক সুৰাকণ্ঠ আখ্যা দিলে একাংশ ক্ষোভিত ৰাইজে । উল্লেখযোগ্য যে শুক্ৰবাৰে মহানগৰৰ পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰিছিল পাঞ্জা প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠান । অনুষ্ঠানতে জুবীন গাৰ্গে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য।

ব্ৰাহ্মণ সকলে পৰিধান কৰা  লগুণ চিঙি দিব লাগে বুলি মন্তব্য কৰিছিল জুবীন গাৰ্গে । লগতে ব্ৰাহ্মণসকলক পিটিব লাগে বুলি মন্তব্য কৰিছিল জুবীন গাৰ্গে। জুবীনৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ক্ষোভিত একাংশই জুবীনৰ বিৰূদ্ধে দিছে স্থানীয় থানাত এজাহাৰ । ইয়াৰ মাজতে দৰং আৰু ওদালগুৰিৰ ব্ৰাহ্মণ সমাজৰ যুৱ মঞ্চই আকৌ জুবীনক দিলে সুৰাকণ্ঠ আখ্যা । তেওঁলোকে সংবাদ মাধ্যমৰ আগত জুবীন গাৰ্গক গৰিহণা দি কয় যে তেখেতে এনেকুৱা তাছিল্য মন্তব্য কৰাত আমি দুখ পাইছোঁ । তেওঁ নিজেও এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ লৰা। তেওঁক আমি জুবীন গাৰ্গৰ সলনি জুবীন সুৰা হিচাপে অভিহিত কৰিছো। তেখেত জুবীন গাৰ্গ নহয় জুবীন সুৰাকণ্ঠ হয় ।