গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই : বানপানীয়ে জুৰুলা কৰি থৈ গ’ল সমগ্ৰ ৰাজ্য । বৰ্তমানেও ঠন ধৰি উঠিব পৰা নাই ৰাজ্যৰ অনেক অঞ্চল । ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি অভাৱনীয় হাৰত বৃদ্ধি পাইছে পাচলিৰ মূল্য । বানে সকলো থলুৱা কৃষকৰ পাচলি খেতি মোহাৰি নিয়াৰ পাছত বৰ্তমান বাহিৰৰ পৰা অনা পাচলিৰে ভৰি পৰিছে সমগ্ৰ পাচলিৰ বজাৰ ।

অলপতে হৈ যোৱা ৰাজ্যৰ প্ৰলঙ্কাৰী বানৰ পাছতে ৰাজ্যৰ পাচলিৰ বজাৰত জুই । বানপানীৰ ফলত শাক-পাচলিৰ খেতি পথাৰ বিনষ্ট হৈ যোৱাৰ সুবিধা গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে। একাংশ অসাধু পাচলিৰ ব্যৱসায়ীয়ে গ্ৰহণ কৰিছে ইয়াৰ পূৰ্ণ সুযোগ । নিজৰ ইচ্ছানুযায়ী ব্যৱসায়ীয়ে বঢ়াইছে পাচলিৰ দাম । ৮০ টকাৰ তলত নাপাই এতিয়া কোনো পাচলি । বহিঃ ৰাজ্যৰ পৰা অহা আলু-পিয়াঁজৰ দামো প্ৰতি কিলো ২০- ৪০ টকা পৰ্যন্ত । জিকা প্ৰতি কিলো ৮০ টকা, ভেন্দি ৭০-৮০, পটল ৮০, বেঙেনা ৭০-৮০, বিলাহী ৮০, জলকীয়া ১০০-১৫০ । পাচলিৰ এনে অভাৱনীয় দামত এতিয়া নিৰূপায় হৈ পৰিছে গ্ৰাহক ।

ইফালে পাচলিৰ এই অভাৱনীয় দামৰ বাবে পাচলিৰ বজাৰত সেৰেঙা গ্ৰাহকৰ ভিৰ । ব্যৱসায়ীৰ মন্তব্য বানপানীৰ ফলত পাচলিৰ দাম বঢ়াৰ বাবেই সেৰেঙা হৈ গ্ৰাহকৰ উপস্থিতি । পিছে ব্যৱসায়ীৰ এই ময়মতালিৰ প্ৰতি কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ। চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ।