দৰং, সংবাদ ৩৬৫, ২৯ জুলাই : অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বান বিধ্বস্ত এলেকা সমূহত মহামাৰী ৰূপ ধাৰণ কৰাৰ লগতে বানাক্ৰান্ত লোক সকলে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ফলত শিশুৰ পৰা ডেকা, গাভৰু, আবাল বৃদ্ধ আনকি গৰ্ভৱতী মহিলাই চিকিৎসা আৰু খাদ্যৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সুদুৰ কেৰেলাৰ পৰা অহা তিনিজনকৈ চিকিৎসক, ঔষধ আৰু পেৰা মেডিকেলৰ টিম সহ উপস্থিত হল অসমৰ বান বিধ্বস্ত এলেকা দৰঙত ।

জানিব পৰা মতে কেৰালা মুছলিম জামাতৰ উদ্যোগত আৰু ইছলামিক এডুকেচনেল বোৰ্ড অফ ইণ্ডিয়াৰ অসম শাখাৰ পৰিচালক জয়নাল আব্দিন মাঞ্জাৰীৰ সহযোগত ধুলাত দুই শতাধিক বানাক্ৰান্ত লোকসকলক চাউল,দালি,চিনি,নিমখ,মিঠাতেল আদি বিতৰণ কৰা হয়।

আনহাতে যুৱকৰ দলটোৱে জানিবলৈ দিয়া মতে জিলা খনৰ গৰাপুৰি পাৰঘাট ঈদগাহ ময়দানত আৰু খেৰণী চাপৰিত দুটাকৈ চিকিৎসা শিবিৰ পাতি বানাক্ৰান্ত লোকসকলক চিকিৎসাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়।