গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুলাই : পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে মহাবাহুৰ জলপৃষ্ঠ। অৱশ্যে এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে লুইতৰ পানী । ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানেও একেই আছে বান পৰিস্থিতি।

২৫ লক্ষাধিক লোকে ককবকাইছে বাঢ়নীপানীত। ঘৰ-বাৰী, খেতিপথাৰ পানীৰ তলত। আশ্ৰয়, খাদ্য আৰু খোৱাপানীৰ সংকট। খাদ্য, বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে বানাক্ৰান্তই। ওখ ঠাই, ৰাজপথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিছে বহু বানাক্ৰান্তই।

উল্লেখযোগ্য যে বান আৰু ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে ১৭ জন লোকৰ মৃত্যু হৈছে। বানপানীৰ কবলত পৰিছে ৩৩ খনকৈ জিলা । বানপানীৰ কবলত পৰা মুঠ ৪,৬২০ খন গাঁৱৰ ৪৫ লাখ মানুহ বাঢ়নী পানীত ককবকাই আছে ।

সমগ্ৰ ৰাজ্যত বানপীড়িত লোকৰ আশ্ৰয়ৰ বাবে স্থাপন কৰা হৈছে মুঠ ৫৬২ টা শিবিৰ ।