পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুলাই : মদিনালৈ উৰা মাৰিল ২০১৯ চনৰ অন্তিমটো হজ দল । যোৱা ৪ জুলাইলৰ পৰা আৰম্ভ হোৱা ২০১৯ৰ হজযাত্ৰাত এইবাৰ উত্তৰ-পূবৰ ৩৬০০ গৰাকী হজযাত্ৰী বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হৈছে ।

হজযাত্ৰী সকলোৰ বাবে বৰঝাৰ বিমানবন্দৰত গঢ়ি তুলা হৈছিল এটি অস্থায়ী শিৱিৰ এই শিৱিৰতে বিমানবন্দৰৰ কৰ্তৃপক্ষই কৰি দিছিল সকলো সুবিধা । হজযাত্ৰী টিকটৰ পৰা আৰম্ভ কৰি টকা সলনিলৈ সকলো যাৱতীয় ব্যৱস্থা কৰি দিছিল বিমানবন্দৰ কৰ্তৃপক্ষই ।

আজি ২০১৯ৰ চনৰ অন্তিমটো হজদল মদিনা অভিমুখে ৰাওনা হোৱাত বিমানবন্দৰ আৰু হজ অভ্যৰ্থনাৰ তৰফৰ পৰা অস্থায়ী শিৱিৰত হাজীসকলক সম্বৰ্ধনা জনাই বিদায় দিয়া হয় । এইবাৰ বৰঝাৰ বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ১৫০ জনকৈ হজযাত্ৰী ৰাওনা হৈছে মদিনালৈ ।