আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰৰ দিচাং নদীৰ ওপৰত থকা ১৩ কোটি টকীয়া দলং ভাঙিল। ভাঙি দুটুকুৰা হ’ল দিচাং নদীৰ ওপৰত থকা পকী দলংখন। পুৱা প্ৰায় ৯ মান বজাত এখন শিল ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে দলংখন ভাঙি দুটুকুৰা হয়।

শিৱসাগৰ জিলাৰ চেপন চুণপোৰা পথৰ দিচাং নদীৰ ওপৰত থকা পকী দলংখন ভাঙি দুটুকাৰ হয়। ১৯৭৫ চনতে নিৰ্মাণ কৰা এই দলংখন দেওবাৰে পুৱাৰ ভাগত এখন শিল ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়ত ভাঙি দুটুকাৰ হয়।

বকতা অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সমল এই দলংখন ভাঙি যোৱাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সধাৰণ লোকৰ যাতায়তৰ বাবে অতি প্ৰয়োজনীয় এই দলংখন ভাঙি পৰাত নিশ্চিত ৰূপত সমস্যাত ভূগিব লাগিব বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

ফলত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু অঞ্চলটোৰ স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যোগেন মহন হায়, হায়, সুশান্ত বৰগোঁহাই হায়, হায় শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ইফালে শিৱসাগৰ জিলা প্ৰশাসন আৰু নাজিৰা প্ৰশাসন ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ তুলি ৰাইজ ক্ষোভিত হৈ উঠে।