হিৰো ইণ্ডিয়ান ৱিমেনছ লীগৰ অসমৰ প্ৰথম ক্লাব হিচাপে মনোনীত গুৱাহাটী চিটী এফচি

In ক্ৰীড়াংগন
TheChocolateRoomTezpur

গুৱাহাটী : অসমৰ প্ৰথমটো ফুটবল ক্লাব হিচাপে দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ ‘হিৰো ইণ্ডিয়ান ৱিমেনছ লীগ’ (আই ডব্লিউ এল)ৰ ২০২১-২২ ছিজনৰ কোৱালিফায়াৰ্ছৰ বাবে মনোনীত হৈছে গুৱাহাটী চিটী এফচি। ২০ জানুৱাৰীৰ পৰা দেশৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবল দলে মুম্বাইত এএফচি ৱিমেনছ এছিয়ান কাপৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমাৰ গৌৰৱময় মুহূৰ্তৰ মাজতে এই সুখবৰ আহিছে অসমৰ ফুটবল জগতলৈ।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিয়ম অনুসৰি অসম ফুটবল সন্থাই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আই ডব্লিউ এলৰ কোৱালিফায়াৰ্ছৰ বাবে গুৱাহাটী চিটী এফ চিৰ নাম মনোনীত কৰে। বিগত বৰ্ষৰ ৮ জুনত নাৰী দিৱসৰ দিনা অসমৰ মহিলা ফুটবলৰ উন্নয়নৰ দীৰ্ঘম্যাদী লক্ষ্য আৰু আই ডব্লিউ এলত অসমক প্ৰতিনিধিত্ব কৰাৰ সপোন লৈ গুৱাহাটী চিটী এফচিয়ে মহিলা ফুটবল দল গঠন কৰিছিল। ক্লাবৰ ফুটবল একাডমীতো কেইবাগৰাকী প্ৰতিভাৱান ছোৱালী ফুটবলাৰে প্ৰশিক্ষণ লৈ আছে।

ৰাজ্যত প্ৰথম বাৰলৈ গ’ল্ডেন বেবী লীগ আয়োজন কৰা গুৱাহাটী চিটী এফ চিয়ে এইবাৰ আই ডব্লিউ এলৰ কোৱালিফায়াৰ্ছত অংশ লৈ আন এক অভিলেখ গঢ়াৰ লগতে স্থানীয় মহিলা ফুটবলাৰৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি ক্লাবৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে এটা বিবৃতিযোগে সদৰি কৰে। তেওঁ এই মনোনয়নৰ দ্বাৰা অসমৰ ফুটবলত এক নতুন অধ্যায় যোগ দিয়াৰ বাবে অসম ফুটবল সংস্থাক ধন্যবাদ জনায়।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu