গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰ : শুকুৰবাৰে অসমৰ ছবিগৃহত মুক্তি পাব ৰীমা দাসৰ ছবি ‘বুলবুল কেন ছিং’। ছবিখনক লৈ বৃহস্পতিবাৰে ৰীমা দাসে এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত ৰীমা দাসে কয় যে বুলবুল কেন ছিং ছবিখনত আৱেগতকৈ সমাজ মূল্যবোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছবিখন নিৰ্মাণ কৰিছো। মই আশা কৰো, ৰাজ্যবাসীয়ে মোক সহাঁৰ জনাব।

বুল কেন ছিং আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ।

বুল বুল কেন ছিঙে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ।

উল্লেখযোগ্য যে ২০১৮ চনৰ টৰেণ্ট’ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বুল বুল কেন ছিঙে মুক্তি লাভ কৰিছিল। ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হওঁতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।