গোৱালপাৰা, সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰ : যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ দেৱেন দত্তৰ হত্যাৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হয়। এইবাৰ চিকিৎসকক আক্ৰমণ কৰে গোৱালপাৰা জিলাৰ দুধনৈ চিকিৎসালয়ত ।

পথ দুৰ্ঘটনাত দুজন যুৱকে মৃত্যুক সাৱটি লোৱাক কেন্দ্ৰ কৰি চিকিৎসালয়ত একাংশ উন্মাদ লোকে চিকিৎসালয়ৰ আচবাব ভঙাৰ উপৰিও দুগৰাকী চিকিৎসকক মাৰ পিট কৰে ।

উল্লেখযোগ্য যে বুধবাৰৰ নিশা দুধনৈৰ নয়াপাৰা আৰু আমজোঙাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা পৃথক পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় দুজন যুৱকে।

নয়াপাৰাত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত হোৱা বিকাশ ৰাভা নামৰ যুৱকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। যুৱকজনক নিহত বুলি ঘোষণা কৰাৰ পাছত যুৱকজনৰ অভিভাৱক আৰু একাংশ লোকে অভিযোগ যে বিকাশ ৰাভাৰ মৃত্যু হোৱা নাই। ফলত চিকিৎসালয়খনত সৃষ্টি হয় উপ্তত্ত পৰিস্থিতিৰ।

একাংশ লোকে চিকিৎসালয়ৰ আচবাব ভাঙি কৰ্তব্যৰত দুজন চিকিৎসকৰ ওপৰতো চলায় আক্ৰমণ চলায় । এই আক্ৰমণত অপূৰ্ব নামৰ এজন চিকিৎসক আইনাৰ টুকুৰা লাগি আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও আৰক্ষীৰ সৈতেও তৰ্কাতৰ্কিত লিপ্ত হয় দলটো।