বৰপেটা, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ : বৰপেটা জিলা গড়কাপ্তানী গ্ৰাম্য পথৰ অন্তৰ্গত প্ৰধান মন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনৰ এটা নির্মাণৰত পথক লৈ বাঘবৰৰ বালাজানত বিধায়ক শ্বেৰমান আলী আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সোনাবাৰী আৰু টাকাকাটা গাঁওৰ ৰাইজে।

উল্লেখযোগ্য যে বাঘবৰ সমষ্টিৰ সোনাবাৰী গাঁও পঞ্চায়তত ২০১৮-১৯ বিত্তীয় বৰ্ষত টাকাকাটাৰ পৰা জাউৰিমাৰী লৈ ১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হৈছে প্ৰায় ৮ কি:মি: দৈৰ্ঘ্যৰ পথ। কিন্তু পথখন টাকাকাটাৰ পৰা জাউৰিমাৰী লৈ নিৰ্মান হোৱাৰ পৰিৱৰ্তে নির্মাণ হৈ আছে বালাজানৰ পৰা ৰৌমাৰী হৈ ঘচিৰচৰ পাৰঘাটলৈ।

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক আচঁনিমতে থকা ঠাইত নিৰ্মাণৰ বাবে ৰাইজে বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো শ্বেৰমান আলীৰ নিৰ্দেশ মতেই গড়কাপ্তানী বিভাগে এই পথখন সোনাবাৰী গাঁও পঞ্চায়তৰ টাকাকাটাৰ পৰিৱৰ্তে বাঘবৰ গাঁও পঞ্চায়তৰ বালাজানত নিৰ্মান কৰাৰ অভিযোগ ৰাইজৰ। যাৰ বাবে আচঁনিমতে থকা ঠাইত নিৰ্মাণৰ দাবীত ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

আঁচনি মতে থকা ঠাইত পথটো নিৰ্মাণৰ বাবে ৰাইজে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে। ইফালে বিধায়ক শ্বেৰমানৰ একনায়কত্ববাদ আৰু মৈমতালিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিলে বা মাত মাতিলে শ্বেৰমান ফেন ক্লাৱৰ সদস্যই বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰো অভিযোগ কৰিছে ৰাইজে।