আজাৰা : যাত্ৰী লৈ বিমান বন্দৰৰ পৰা ওলাই অহাৰ পিছতে গাড়ীত লাগিল জুই। ৰাজপথৰ ওপৰতে দাওদাওকৈ জ্বলি উঠিল চলন্ত চুইফট গাড়ী। কথমপি প্ৰাণ ৰক্ষা যাত্ৰীসহ চালকৰ।

বৰঝাৰ বিমান বন্দৰৰ পৰা যাত্ৰী লৈ ওলাই অহাৰ পিছতে এখন চলন্ত চুইফট গাড়ীত সংঘটিত হয় অগ্নিকাণ্ড। এএছ-০১-এম চি-৬৫৮০ নম্বৰৰ চুইফট গাড়ীখন গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে জ্বলি উঠে।

চুইফট গাড়ীখন বৰঝাৰ বিমান বন্দৰৰ পৰা ২ মহিলাসহ ৪ জন যাত্ৰীলৈ শ্বিলংলৈ যোৱাৰ বাবে ওলাই অহাৰ পিছতে গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হঠাৎ গাড়ীখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। লগে লগে জ্বলি থকা গাড়ীখনৰ পৰা যাত্ৰীসহ চালকজন ওলাই অহাত কথমপি সলোৰে প্ৰাণ ৰক্ষা পৰে।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বায়ু সেনাৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। বায়ু সেনাৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যান্ত্ৰিক বিজুতিৰ ফলতে গাড়ীখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।