হাইলাকান্দি : থানাৰ ভিতৰত উৎকোচ লোৱাৰ সময়ত আহিপালে দুৰ্নীতি নিবাৰক শাখাৰ লোক। ৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত হাতে লোতে ধৰা পৰিল আৰক্ষী উপ-পৰিদৰ্শক। উটকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্য।

ভূমি কেন্দ্ৰিক এক গোচৰ নিষ্পত্তিৰ বাবে হাইলাকান্দি সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যই এজনৰ পৰা দাবী কৰিছিল ৫ হাজাৰ টকা। গোচৰ নিষ্পত্তিৰ বাবে বুধবাৰে সুধন্য ভট্টাচাৰ্যক ৫ হাজাৰ টকাৰ উৎকোচ দিবলৈ থানালৈ আহিল লোকজন। অৱশ্যে উৎকোচ দিবলৈ অহা লোকজনৰ লগত আছিল দুৰ্নীতি নিবাৰক শাখাৰ লোক।

হাইলাকান্দি সদৰ থানাৰ ভিতৰতে সুধন্য ভট্টাচাৰ্যই গ্ৰহণ কৰিলে ৫ হাজাৰ টকাৰ উৎকোচ।উৎকোচ দিয়া লোকজনৰ লগতে অহা দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতে লোতে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পেলালে হাইলাকান্দি সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক।

উল্লেখ্য যে বিভিন্ন সময়ত একাংশ আৰক্ষীৰ লোক ধনৰ লোভত খাকী পোছাকত ক’লা দাগ লগাই আৰক্ষী বিভাগক কলংকিত কৰা পৰিলক্ষিত হয়। হাইলাকান্দি সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যই ৫ হাজাৰ টকাৰ বিনিময়ত পুনৰ খাকী পোছাকত ক’লা দাগ লগালে। এতিয়া ৰঙা ঘৰৰ আলহী হ’ল সুধন্য ভট্টাচাৰ্য।