শিলচৰ : এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা অঞ্চল। এজন সাহসী মেজিক চালকৰ বাবেই ৰক্ষা পৰিল অঞ্চলটো। চলন্ত অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱা মেজিক বাহন পুখুৰীত পেলাই অঞ্চলটো ৰক্ষা কৰিলে মেজিকৰ চালকজনে।

কাছাৰ জিলাৰ সৈদপুৰ অঞ্চলটো কথমপি ৰক্ষাৰ পৰিল এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা। খেৰ ভৰ্তি মেজিক বাহন এখন সৈদপুৰ ৰাজপথেৰে গৈ থকা অৱস্থাত বাহনখন হঠাৎ জ্বলি উঠে। সেই সময়তে বাহনখনৰ চালকজনে বহনখন চলাই ওচৰৰ এখন পুখুৰীত পেলাই দিয়ে।

খেৰ ভৰ্তি বাহনখন দাওদাওকৈ জ্বলি উঠাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বাহনখনৰ চালক মতিন আহমদে জনবসতিপূর্ণ অঞ্চলটোৰ পৰা বাহনখন প্ৰায় ১ কিলোমিটাৰ চলাই গৈ পুখুৰীত পেলাই দিয়ে ফলত অঞ্চলটো কথমপি এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

বাহনখন পুখুৰীত পেলাই দিয়াৰ পিছত অঞ্চলবাসী ৰাইজে তৎপৰতা দেখুৱাই চালকজনক উদ্ধাৰ কৰে। খেৰ ভৰ্তি মেজিক বাহনখনত কেনেকৈ জুইৰ সূত্ৰপাত হ’ল এই সম্পৰ্কে জানিব পৰা হোৱা নাই। মেজিক চালকজনৰ সাহসী পদক্ষেপৰ ফলত অঞ্চলটো ৰক্ষা পৰাত অঞ্চলবাসীয়ে মেজিক চালকজনৰ শলাগ লয়।