গুৱাহাটী : মহানগৰী গুৱাহাটীত অব্যাহত আছে মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ ভৰলু আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিলে এক সাফল্য। ভৰলু আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী।

মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি লাভ কৰিছে এটাৰ পিছত আনটো সাফল্য। এইবাৰ ভৰলু আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কালীপুৰ আৰু আদিংগিৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুজনক।

এক গোপন খবৰৰ ভিত্তিত ভৰলু আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কালীপুৰ আৰু আদিংগিৰিৰ পৰা জিতু দাস আৰু দীপজ্যোতি কলিতা নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ৪১ টাকৈ সন্দেহজনক হেৰ’ইন ভৰ্তি কণ্টেইনাৰ, নগদ ২৫ হাজাৰ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে।