গুৱাহাটী : অসমৰ চৰকাৰ মূর্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, আনন্দ মিশ্ৰা মূর্দাবাদ শ্ল’গানেৰে উত্তাল হৈ পৰে ৰাজীৱ ভৱন। আৰক্ষীৰ বাধা নেওচি ৰাজপথলৈ ওলাই অহাৰ চেষ্টা চলায় যুৱ কংগ্ৰেছৰ অৰ্ধ শতাধিক কৰ্মীয়ে। বেৰীকেড ভাঙি ৰাজপথ ওলাই অহাৰ চেষ্টা চলাওঁতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক আটক কৰে আৰক্ষীয়ে।

ৰাজীৱ ভৱনৰ প্ৰৱেশ দুৱাৰ উত্তাল কৰি তোলে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে। ৰাজীৱ ভৱনৰ প্ৰৱেশ দুৱাৰত আৰক্ষীয়ে বেৰীকেড লগাই ৰাজপথলৈ ওলাই অহাত বাধা প্ৰদান কৰে যুৱ কংগ্ৰেছৰ কর্মী সকলক। যুৱ কংগ্ৰেছ কর্মী সকলক প্ৰতিবাদী সমদল উলিয়াই কামৰূপ মহানগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদানত বাধা প্ৰদান কৰে আৰক্ষীয়ে।

নগাঁও আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীওৱাৰ ঘটনাৰ তদন্তৰ দাবীত যুৱ কংগ্ৰেছে এক প্ৰতিবাদকাৰী সমদল উকীয়াই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদানত আৰক্ষীয়ে বাধা দিয়াত ৰাজীৱ ভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ বেৰীকেড ভাঙি যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত ওলাই অহাত আৰক্ষীয়ে অংকিতা দত্তক আটক কৰে।

যুৱ কংগ্ৰেছৰ কৰ্মী সকলে কীৰ্তি কমল বৰাক গুলীওৱাৰ বিৰোধিতা কৰি অসম চৰকাৰ মূর্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা মূর্দাবাদ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষীয়ে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ কর্মী সকলক সমদল উলিয়াই নিয়াত বাধা প্ৰদান কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰক্ষী আৰু যুৱ কংগ্ৰেছৰ কর্মী সকলে মাজত দীর্ঘ সময় ধৰি টনা-আজুৰা লগে।

যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে “অসমত হোৱা এনকাউন্টৰ সমূহ ভুৱা। উত্তৰ প্ৰদেশৰ দৰে অসমখন আমি হ’ব নিদিওঁ। কংস মামাই যুৱক সকলক বুলেট দিব বুলি সপোন দেখুৱাইছিল এতিয়া মামাই যুৱক সকলৰ আঁঠুৰ তলত বুলেট দিছে।” পৰিস্থিতি ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ কর্মী সকলক আটক কৰি লৈ যায়।